অসম

assam

Tree Plantation in Dergaon :কাব্যঋষিৰ স্মৃতিত দেৰগাঁৱত ৰোপণ কৰা হ’ব সোণাৰু

By

Published : Jul 12, 2023, 8:58 PM IST

Updated : Jul 12, 2023, 10:42 PM IST

কাব্যঋষি নীলমণি ফুকন

যোৰহাট, ১২ জুলাই :কাব্যঋষি নীলমণি ফুকনৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াসেৰে দেৰগাঁও নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰা হ’ব সোণাৰু পুলি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আবেদনক অনুমোদন জনাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ । কাব্য ঋষি নীলমণি ফুকণৰ পৰিয়ালৰ হৈ পুত্ৰ অমিতাভ ফুকনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পথৰ দুয়োকাষে সোণাৰু গছৰ পুলি ৰুবলৈ আবেদন জনাইছিল । এই আবেদনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে । ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে দেৰগাঁবাসীৰ লগতে কবি নীলমণি ফুকনৰ পৰিয়ালৰ লোক।  

আনহাতে ,কবি নীলমণি ফুকনৰ জন্মস্থান চকিয়াল গাঁৱৰে যোৱা পথটো শোচনীয় হোৱাৰ হেতুকে কবিগৰাকীৰ পুত্ৰই চৰকাৰক পথটি নিৰ্মাণৰ আহ্বান জনাইছে । উল্লেখ্য যে কাব্যঋষি পদ্মশ্ৰী নীলমণি ফুকণৰ সোণাৰু ফুলৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমক যুগমীয়া কৰিবলৈ পৰিয়ালৰ পৰা জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেৰগাঁৱ চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে সোণাৰু গছ ৰোপণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুমতি বিচাৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক অনুৰোধ জনাইছিল ।

লগতে পঢ়ক:Shalna forest officer arrested:৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ বনাঞ্চলিক বিষয়া

Last Updated : Jul 12, 2023, 10:42 PM IST

ABOUT THE AUTHOR

...view details