Sankaradeva Birth Anniversary: গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে গছপুলি ৰোপণ - Sankardeva theatrical performance Ankia Naat
Published : Sep 24, 2023, 1:14 PM IST
গুৱাহাটী,২৪ ছেপ্টেম্বৰ:আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম আবিৰ্ভাৱ মহোৎসৱ । গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাৱৰ ব্যতিক্ৰমী প্ৰয়াস । ১০১ টা গছপুলি ৰোপণৰে গুৰুজনাক স্মৰণ বশিষ্ঠ প্ৰেছ ক্লাৱৰ সাংবাদিকৰ । কেৱল খবৰৰ মাজতেই আবদ্ধ নাথাকি সামাজিক কামত ব্যস্ত হ'ল বশিষ্ঠ প্ৰেছ ক্লাৱৰ প্ৰতিজন সাংবাদিক । পুৱাৰ ভাগতে লালমাটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত প্ৰতিজন সাংবাদিকে হাতে হাতে গছপুলি লৈ ৰোপণ কৰিলে বিভিন্ন প্ৰকাৰৰ গছপুলি ।
এই সম্পৰ্কত বশিষ্ঠ প্ৰেছ ক্লাৱৰ সভাপতি পংকজ ডেকাই কয় যে, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ স্বাৰ্থতে এই স্থানৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ গছসমূহ কাটি পেলোৱা হৈছিল । সেয়েহে আজি সকলো সাংবাদিক একলগ হৈ ১০১ টা গছপুলি ৰোপণ কৰাৰ চেষ্টা কৰা হৈছে । যিহেতু গোলকীয় উষ্ণতা প্ৰতিদিনে বৃদ্ধি পাইছে তাৰ বাবে এয়া এক ক্ষুদ্ৰ প্ৰয়াস । আনহাতে, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বশিষ্ঠ প্ৰেছ ক্লাৱৰ সম্পাদক বন্দন গগৈয়ে এনেধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে সময়ে সময়ে এনেধৰণৰ কাৰ্যসূচী চলি থাকিব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক:Scam in embankment repairing: গৰাখহনীয়া প্ৰতিৰোধৰ কাম আধা কৰিয়েই ঠিকাদাৰ-অভিযন্তাই ভগালে ধনৰ অংশ !