অসম

assam

Pilgrims vehicle accident: ৰৈ থকা ট্ৰাকত তীৰ্থযাত্ৰী ভৰ্তি ট্ৰেভেলাৰৰ প্ৰচণ্ড খুন্দা; তিনিগৰাকী যাত্ৰী নিহত

By

Published : Jan 16, 2023, 10:29 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা পতিত হয় তীৰ্থযাত্ৰীৰ বাহন (Pilgrims vehicle accident in Morigaon) ৷ মৰিগাঁও ধৰমতুল আৰক্ষী থানা কাষত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা । তীৰ্থস্থান পৰশুৰাম কুণ্ড দৰ্শন কৰি নিজ ঘৰ মুখে আহি আছিল তীৰ্থযাত্ৰী (Pilgrims died in accident in Morigaon) ৷ কিন্তু দুৰ্ভাগ্যবশতঃ আহি থকা অৱস্থাতে ধৰমতুল আৰক্ষী থানাৰ কাষত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনে । ফলত থিতাতে নিহত হয় তিনিগৰাকী তীৰ্থযাত্ৰী ৷ আনহাতে আহত হয় 19 গৰাকী যাত্ৰী ৷ তীৰ্থযাত্ৰী কঢ়িওৱা বাছখনত আছিল ২২ গৰাকী যাত্ৰী । দুৰ্ঘটনাটো ইমান ভয়ংকৰ আছিল যে বাহনখনৰ ভিতৰত বহু সময় আবদ্ধ হৈ আছিল যাত্ৰীসকল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলো আহত ব্যক্তিকে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে ঘন কুঁৱলীৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী বিষয়াই ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details