অসম

assam

৭৭ সংখ্যক স্বাধীনতা দিৱস

ETV Bharat / videos

77th Independence Day: নগাঁৱৰ বান নিয়ন্ত্ৰণৰ বাবে দুশ কোটি টকাৰ পেকেজ ঘোষণা পীযুষ হাজৰীকাৰ - Flood in Nagaon

By

Published : Aug 15, 2023, 4:07 PM IST

নগাঁও, ১৫ আগষ্ট:দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । তেওঁ পুৱাই নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ আন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে । ইয়াৰ পিচতেই নগাঁওবাসীলৈ এটা ভাল খবৰ দিলে মন্ত্ৰীগৰাকীয়ে ।  

বান পীড়িত এলেকাৰ বাবেই স্বাধীনতা দিৱসৰ দিনাই বৃহৎ পৰিমানৰ ধন আৱন্টনৰ কথা ঘোষণা কৰে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে । নগাঁৱৰ বান সমস্যা সমাধানৰ বাবে আগন্তক বৰ্ষৰ বাবে দুশ কোটি টকাৰ পেকেজ ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

জিলাখনৰ লাওখোৱা,কামপুৰ,কঁচুৱাকে ধৰি বহু এলেকা বাৰিষাৰ সময়ত বিধস্ত হয় । দুশ কোটি টকাৰে এই অঞ্চলসমূহৰ বান সমস্যা সমাধানৰ চেষ্টা কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । 

লগতে পঢ়ক:77th Independence Day; যোৰহাট বাসীলৈ ডেৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ মন্ত্ৰী অজন্তা নেওগৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details