অসম

assam

By

Published : Oct 25, 2022, 10:12 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Snake attacks owner: গাখীৰ খুৱাই সাপ নুপুহিব

অসমীয়াত এষাৰ কথা আছে, গাখীৰ খুৱাই সাপ পুহিব নালাগে ৷ কিন্তু সাপ পুহি এইবাৰ বিপদত পৰিল সাপৰ গৰাকী ৷ অ’ ৰব ৷ সাপৰ গৰাকী পিছে কোনো তান্ত্ৰিক বা সাধক নহয় ৷ আমি ক’বলৈ লোৱা সাপৰ গৰাকী হৈছে এগৰাকী সাধাৰণ মহিলা ৷ প্ৰতিদিনাৰ দৰে উক্ত দিনাও মহিলাগৰাকীয়ে পোহনীয়া প্ৰকাণ্ড অজগৰটোক খাদ্য খুৱাবলৈ সাপ থোৱা বাকচটোৰ পৰা উলিয়াইছিলহে মাত্ৰ ৷ কিন্তু তেনে সময়তে সাপৰ গৰাকীকে আক্ৰমণ কৰে পোহনীয়া অজগৰটোৱে (Pet snake attacks owner) ৷ যাৰ ফলত বহু ৰক্তক্ষৰণ হয় সাপৰ গৰাকীৰ ৷ যি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত (Viral video python attacks owner) ৷ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে টুইটাৰত ৮ মিলিয়নতকৈও অধিক ভিউৱাৰছ লাভ কৰিছে এই ভাইৰেল ভিডিঅ’টোৱে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details