অসম

assam

জোনাইৰ চেঙাজান কাৱৈমাৰীত দুৰ্ঘটনা

By

Published : Apr 22, 2023, 7:46 AM IST

ETV Bharat / videos

Accident in Jonai: জোনাইত মটৰ চাইকেলসহ নৈত পৰিল আৰোহী

জোনাই, 22 এপ্ৰিল:জোনাইৰ চেঙাজান কাৱৈমাৰী নদীৰ দলঙত নিশা সংঘটিত হয় এক দুৰ্ঘটনা ৷ জানিব পৰামতে বৃস্পতিবাৰে নিশা প্ৰায় 8.30 বজাত সঞ্জয় মালা নামৰ ব্যক্তিজনে নিজ গৃহলৈ কাৱৈমাৰী নদীৰ বাঁহৰ দলঙেৰে মটৰচাইকেল লৈ পাৰ হওঁতে দলঙৰ পৰা পিছলি মটৰচাইকেলসহ নদীত পৰি যায় (Road Accident at Jonai one Injured) ৷ অৱশ্যে নদীৰ কাষত থকা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত কোনোমতে মটৰচাইকেলসহ ব্যক্তিজনক জীৱন্তে নদীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাত ব্যক্তিজন‌ গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে (Road accident at Jonai) ৷

উল্লেখযোগ্য যে, এই স্থানত পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হোৱাৰ লগতে কোইবাজনো ব্যক্তিয়ে প্ৰাণো হেৰুৱাইছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ এই স্থানত পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ লগতে স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো আবেদন-নিবেদন কৰাৰ পাচতো আজি পৰ্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ (One injured in Road accident) ৷ গতিকে অতি শীঘ্ৰে বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ এখন পকী দলঙ অথবা চৰকাৰী নাৱৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে (Accident in Jonai) ৷

লগতে পঢ়ক:Heavy Storm in Nalbari: নলবাৰীত বৰদৈচিলাৰ তাণ্ডৱ, ব্যাহত য়াতায়ত

ABOUT THE AUTHOR

...view details