Tortoise recovered in Rangia : ৰঙিয়াত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ - দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ
Published : Oct 25, 2023, 1:03 PM IST
ৰঙিয়া, 25 অক্টোবৰ: ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত উদ্ধাৰ হ'ল এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ । বৰলীয়া নৈত মাছমৰীয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো । দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটিৰ ওজন প্ৰায় 6 কেজি হ’ব বুলি জানিব পৰা হৈছে । এই খবৰ লাভ কৰাৰ পিচতে স্থানীয় ৰাইজে কাছটো ৰঙিয়া নগৰৰ তিনিআলিস্থিত পদুম পুখুৰীত এৰি দিয়ে ।
উল্লেখ্য যে, যি সময়ত একাংশই বন্য জীৱ-জন্তু হত্যা কৰি বন্য উল্লাস প্ৰদৰ্শন কৰি আহিছে তেনে সময়তে এই কাৰ্যই প্ৰকৃতিপ্ৰেমৰ অন্য এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । আনহাতে, কাছটো উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পিছতে কাছটো চাবলৈ উক্ত স্থানডোখৰত হেতা-ওপৰা লগায় স্থানীয় ৰাইজে ।
লগতে পঢ়ক:Devaragattu Bunny Festival 2023: পৰম্পৰাগত লাঠি খেলে প্ৰাণ কাঢ়িলে 3 জনৰ, আহত শতাধিক