অসম

assam

উত্তাল চচল

ETV Bharat / videos

আমাক মাটিৰ অধিকাৰ লাগিবই: ক্ষতিপূৰণ-পুনৰ সংস্থাপনৰ দাবীত উত্তাল চচল - শিলসাঁকো

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 7:59 PM IST

গুৱাহাটী, ৬ জানুৱাৰী : শিলসাঁকোৰ উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত পুনৰ প্ৰতিবাদত বহিল শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজ । শিলসাঁকোৰ মাটি চৰকাৰক ঘূৰাই দিয়াৰ দাবী তুলি চচলস্থিত চৰকাৰৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শতাধিক উচ্ছেদিত লোকে হাতে-হাতে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ-পোষ্টৰ প্ৰদৰ্শন কৰাৰ লগতে শিলসাঁকোৰ থলুৱা তথা খিলঞ্জীয়া লোকৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ তীব্ৰ সমালোচনা কৰে । সংবাদ মাধ্যমৰ আগত শিলসাঁকোৰ পৰা উচ্ছেদিত হোৱা লোকসকলে কয় যে, শিলসাঁকোৰ উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ নামত চৰকাৰে কণা হাহঁক পটান দি আভুৱা ভাৰিব বিছাৰিছে । শিলসাঁকোৰ পৰা উচ্ছেদ হোৱা ১২০০ পৰিয়ালৰ মাত্ৰ ৩০০ শ পৰিয়ালক ক্ষতিপূৰণ দি চৰকাৰে বিভাজন নীতিৰ আশ্ৰয় লোৱা বুলিও অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :টিউটৰক শিক্ষকৰ সমমৰ্যদা প্ৰদানৰ দাবীত উত্তাল চচল

ABOUT THE AUTHOR

...view details