অসম

assam

প্ৰধান শিক্ষকৰ পদ দাবী টিউটৰ শিক্ষকৰ

ETV Bharat / videos

People protest against tutor teacher:১৮১ জন ৰাইজৰ ভুৱা চহী লৈ প্ৰধান শিক্ষকৰ পদ দাবী টিউটৰ শিক্ষকৰ - প্ৰধান শিক্ষকৰ পদ লৈ টনা আঁজোৰা

By

Published : Aug 10, 2023, 7:53 PM IST

বঙাইগাঁও, 10 আগষ্ট : বঙাইগাঁৱৰ মাত্ৰাঘোলাৰ পশ্চিম এম এম ছিনিয়ৰ বেচিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ লৈ টনা আঁজোৰা  । ১৮১ জন ৰাইজৰ ভুৱা চহী লৈ টিউটৰ শিক্ষকে প্ৰধান শিক্ষকৰ পদৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ অভিযোগ । টিউটৰ শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ ৷

পশ্চিম এম এম ছিনিয়ৰ বেচিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ লৈ টনা আঁজোৰা অব্যাহত থকাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুখন বিদ্যালয় একত্ৰিত হৈ বৰ্তমান বিদ্যালয়খনৰ নাম হৈছে এম এম ছিনিয়ৰ বেচিক স্কুল । পূৰ্বৰে পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্ব পালন কৰি আহিছে মৰিয়ম খাতুনে । কিন্তু দুখন বিদ্যালয় একত্ৰিত হোৱাত বিদ্যালয়খনত টিউটৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰে আবুল কালাম আজাদ নামৰ শিক্ষকজনে ।

আবুল কালাম আজাদে প্ৰধান শিক্ষকৰ পদ দাবী কৰি ১৮১ জন ৰাইজৰ ভুৱা চহী লৈ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ ফলত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে আবুল কালাম আজাদৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে । আবুল কালাম আজাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে পূৰ্বৰ প্ৰধান শিক্ষকক প্ৰধান শিক্ষক হিচাপে বাহাল ৰাখিবলৈ দাবী জনাইছে তেওঁলোকে ।

লগতে পঢ়ক :Timber smuggling in Assam:বইটামাৰীত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details