Child Marriage in Assam : কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ স্বামী - Nagaon Medical college
নগাঁও, 2 ফেব্ৰুৱাৰী :আৰম্ভ হ'ল অভিযান স্বামী ৷ কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ স্বামী ৷ বাল্য বিবাহত জড়িত হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰৰ পৰ্ব কাইলৈৰ পৰা আৰম্ভ কৰিব অসম আৰক্ষীয়ে (Child Marriage in Assam)৷ নগাঁৱত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বিগত কিছুদিন ধৰি বাল্য বিবাহক লৈ কঠোৰ স্থিতি গ্ৰহণৰ কথা উল্লেখ কৰি আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়া তথ্য অনুসৰি ইতিমধ্যে এই অভিযোগত বটদ্ৰবাৰ পৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷
উল্লেখ্য যে, বাল্য বিবাহত জড়িত স্বামীক গ্ৰেপ্তাৰ কৰাৰ কথা ইতিপূৰ্বেই উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)৷ ঘোষণা কৰা মতেই যেন কাৰ্য্যব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ ৷ অৱশেষত বাল্য বিবাহত জড়িত স্বামীক গ্ৰেপ্তাৰৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ নিৰ্মীয়মান নগাঁও মেডিকেল কলেজ (Nagaon Medical college) পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মেডিকেল কলেজ পৰিদর্শন কৰি অহা দহ দিনৰ ভিতৰতে নগাঁও মেডিকেল কলেজৰ অনুমতি লাভ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই বৰ্ষৰ পৰাই নগাঁও মেডিকেল কলেজৰ লগতে কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’বলগীয়া এই গ্ৰেপ্তাৰ অভিযান আগন্তুক 6-7 দিনলৈকে অব্যাহত থাকিব ৷ যিসকল লোকে 14 বছৰৰ তলৰ ছোৱালীক বিয়া কৰিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব ৷ POSCO আইনৰ অন্তৰ্গত সেইসকল লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যাৱজ্জীন কাৰাদণ্ড বিহা হ’ব (People involved in Child Marriages to arrest in Assam)৷
লগতে পঢ়ক:Child marriage case in Assam: ১০ দিনত অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু