অসম

assam

ETV Bharat / videos

New year Celebration : মহানগৰীৰ মঠ-মন্দিৰ, বিনোদনস্থলীত দৰ্শনাৰ্থীৰ ভিৰ - ইংৰাজী নৱবৰ্ষক আদৰিছে বিশ্ববাসীয়ে

By

Published : Jan 1, 2023, 8:34 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

নতুন আশা-প্ৰত্যাশা, সংকল্প লৈ ইংৰাজী নৱবৰ্ষক আদৰিছে বিশ্ববাসীয়ে (New year Celebration) ৷ বিদায়ী বছৰটোৰ সকলো দুখ-দুৰ্দশা, ঘাট-প্ৰতিঘাত পাহৰি নতুন বছৰটো মংগলময় হোৱাৰ কামনা কৰি ৰাজ্যবাসীয়ে আজি পুৱাৰে পৰা মঠ-মন্দিৰ, উপাসনাস্থলীৰ উপৰিও বিনোদনস্থলীলৈ গৈ আনন্দ উল্লাসেৰে নৱবৰ্ষৰ প্ৰথম দিনটো অতিবাহিত কৰিছে । ইয়াৰ ব্যতিক্ৰম নহয় মহানগৰবাসীও (New year 2023 Celebration) । মহানগৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে মহানগৰীৰ বিনোদনস্থলীসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে (People gather at Tourist places in Guwahati on 1st day of 2023)। পুৱাৰে পৰা লতাশিল গণেশ মন্দিৰ, গণেশগুৰি গণেশ মন্দিৰ, উগ্ৰতাৰা দেৱালয়, কামাখ্যা, বশিষ্ঠ, শুক্ৰেশ্বৰ, লাচিত নগৰ হনুমান মন্দিৰ, উমানন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত ৰাইজৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে ৷ আনহাতে, চিৰিয়াখানা, শ্ৰদ্ধাঞ্জলি কানন, কলাক্ষেত্ৰকে ধৰি বিনোদনৰ স্থানসমূহতো পুৱাৰে পৰা সন্ধিয়ালৈ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details