Pathetic Trasnportation Condition in Amguri: দিখৌমুখ ত্ৰিবেণী সংগমত বিপদসংকুল যাতায়ত ৰাইজৰ - দৰিকা
আমগুৰি,২৪ জুলাই: শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়া পাৰঘাটত বিপদসংকুল যাতায়াত ৰাইজৰ । দিখৌ-দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমৰ মধ্যস্থলেদি বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে শ শ লোকে ৷ স'ৰাগুৰি চাপৰিৰ পাঁচ শতাধিক পৰিয়ালৰ যাতায়াতৰ একমাত্ৰ ব্যৱস্থা হৈছে নাও । ভৰ বাৰিষাত বিপদসংকুলভাৱে হাত-নাৱেৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ৰাইজে ।
কোনো ধৰণৰ লাইফ জেকেট নোহোৱাকৈয়ে অতি বিপদসংকুলভাৱে ইপাৰ সিপাৰ হয় যাত্ৰীসকল । শিৱসাগৰ জিলা প্ৰশাসনৰ গুৰুত্বহীনতা আৰু জল পৰিবহণ বিভাগৰ অকৰ্মণ্যতাৰ বাবে দেওঘৰীয়া পাৰঘাটত যিকোনো সময়তে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা । স'ৰাগুৰি চাপৰিৰ কোনো লোকৰ সাধাৰণ অসুখতো এই পাৰঘাটটোৰে দিখৌমুখ চিকিৎসালয়লৈ যাবলগীয়া হয় ৷ ইফালে স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি দেওঘৰীয়া পাৰঘাটত এখন স্থায়ী দলঙৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছে। কিন্তু আজিকোপতি গা লৰা নাই স্থানীয় বিধায়ক বা প্ৰশাসনৰ ।
লগতে পঢ়ক:Poor communication in DikhowMukh :আমগুৰিৰ দিখৌমুখত বিপদসংকুল যাতায়াত ৰাইজৰ