Water pipe explosion: জলবিস্ফোৰণত সৰ্বস্বান্ত জয়পুৰৰ মৃদুলা হালৈ
গুৱাহাটী,২৭ মে’ : অপৰিকল্পিত ব্যৱস্থা আৰু চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ ফলত মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত হোৱা জলবিস্ফোৰণণে কেইবাটাও পৰিয়ালৰ সপোনৰ ঘৰখন থানবান কৰিলে ৷ আশ্ৰয়হীন হ’ল কেইবাটাও পৰিয়াল (Bursting pipes of JICA water supply project) ৷
কষ্টোপাৰ্জিত ধনেৰে সজা সপোনৰ ঘৰখন পলকতে থানবান হৈ পৰিল জয়পুৰ নিবাসী মৃদুলা হালৈৰ । খাৰঘূলি জয়পুৰত বৃহস্পতিবাৰে গেমনৰ পানী যোগানৰ পাইপ ফুটি অঞ্চজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এই জলবিষ্ফোৰণত ২২ টাকৈ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল ৷ তাৰ ভিতৰত আছিল মৃদুলা হালৈৰ সপোনৰ ঘৰখন ৷ মৃদুলা হালৈৰ স্বামী গুণজিত হালৈয়ে পাইপৰ মিস্ত্ৰিৰ কাম কৰি নিৰ্মাণ কৰিছিল সৰু পঁজাটো ৷ ঘটনা সংঘটিত হোৱাৰ সময়ত তিনিবছৰীয়া সন্তান আৰু শাহুৱেকৰ সৈতে ঘৰৰ ভিতৰত আছিল মৃদুলা (Water pipe explosion at Kharghuli) ৷
জলবিস্ফোৰণৰ ফলত তৰ্জা টিনেৰে নিৰ্মিত ঘৰটো পানীৰ ধলে ভাঙি পেলায় ৷ ভগা ঘৰটোৰ টিনৰ বেৰবোৰে হেঁচামাৰি ধৰিছিল মৃদুলাৰ সন্তানসহ পৰিয়ালৰ তিনিওগৰাকী সদস্যক ৷ কোনো মতে প্ৰাণ ৰক্ষা কৰি তিনিবছৰীয়া সন্তানটোক লগত লৈ তেওঁ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । শাহুৱেক দৈৱকী হালৈক উদ্ধাৰ কৰিছিল ওচৰ চুবুৰীয়াই । পিচত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । মৃদুলা হালৈ বৰ্তমান সংকট মুক্ত যদিও শাহুৱেক দৈৱকী হালৈ মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীনহৈ আছে (Water pipe explosion) ৷
আনহাতে পানী যোগানৰ পাইপ ফুটি বৈ অহা ধলে মৃদুলা হালৈৰ ঘৰখন চুৰমাৰ কৰাৰ লগতে সকলো বয়-বস্তু উটুৱাই লৈ যায় । কাপোৰ , সোণৰ আ-অলংকাৰ , ঘৰুৱা সামগ্ৰীৰ লগতে নথি-পত্ৰ পানীত উটি যায় । সৰ্বস্বান্ত হৈ মৃদুলা হালৈৰ পৰিয়ালটোৱে এতিয়া আশ্ৰয় শিবিৰত আছে । বৰ্তমানলৈ কোনো চৰকাৰী সাহায্য পোৱা নাই পৰিয়ালটোৱে ।