অসম

assam

Food poisoning in Sipajhar : ছিপাঝাৰৰ বৰেৰীত খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন অৰ্ধ শতাধিক লোক

By

Published : Aug 12, 2023, 9:22 PM IST

খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত প্ৰায় অৰ্ধ শতাধিক

দৰং, 12 আগষ্ট : ছিপাঝাৰৰ বৰেৰীত অঘটন ৷ খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ প্ৰায় অৰ্ধ শতাধিক লোক চিকিৎসাধীন ৷ ছিপাঝাৰৰ বৰেৰীত সংঘটিত হৈছে এই ঘটনা ৷ 

বৰেৰী গাঁৱৰ এঘৰ লোকৰ ঘৰত সত্যনাৰায়ণ পূজাৰ ভোগ খাই অসুস্থ হৈ পৰে লোকসকল ৷ অসুস্থ লোকসকলক দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ৷ কিছু লোক সুষ্ঠ হৈ উঠিছে যদিও বৰ্তমানেও চিকিৎসাধীন অৱস্থাতে আছে সোতৰ গৰাকীকৈ লোক ৷ জ্বৰ, ডায়েৰিয়া আৰু বমিত আক্ৰান্ত হৈছে লোকসকল ৷ 

বৰেৰী গাঁৱৰ এঘৰ লোকৰ ঘৰত আয়োজন কৰা সত্য নাৰায়ণ পূজাৰ ভোগ গ্ৰহণ কৰাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হয় লোকসকল ৷

লগতে পঢ়ক :Artificial Flood at Silapathar : এটা মাহে পানীৰ তলত চিলাপথাৰ আদৰ্শ চিকিৎসালয়, আছুৰ বিক্ষোভ

ABOUT THE AUTHOR

...view details