অসম

assam

Food poisoning:নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ কেইবাজনো লোক অসুস্থ

By

Published : Jul 29, 2023, 5:25 PM IST

নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়া

বিহপুৰীয়া, 29 জুলাই : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ কেবাজনো লোক অসুস্থ হৈ পৰিছে । বুঢ়াবুঢ়ী গাঁৱৰ নৃপেন ভূঞাৰ ঘৰত বৰতীয়া খাই অসুস্থ হয় ১৫ জনৰো অধিক লোক । শুকুৰবাৰৰ পুৱা বৰতীয়া খাইছিল পৰিয়ালৰ লোকসকলে । বিয়লিৰ পৰা ইজনৰ পিছত সিজনকৈ সকলোৰে লোকৰ জ্বৰ, বমি আৰু পায়খানা হ’বলৈ আৰম্ভ কৰে । আক্ৰান্ত হোৱা লোকসকলক ধলপুৰ আৰু ভোলাবৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আক্ৰান্ত নিকু ভূঞা, প্ৰেমলতা ভূঞা, দীনমনি ভূঞা, শিল্পীৰানী ভূঞা, বাবলু ভূঞা ধলপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ইন্দুশ্ৰী ভূঞা, জীৱন ভূঞা, বিনা ভূঞা, মঞ্জু ভূঞা, ৰিতামনি ভূঞা, মনিৰাম ভূঞা, দেনিশ ভূঞা, ভানু ভূঞা, সমীষ ভূঞাৰ লগতে আন কেইবাজনো লোক ভোলাবৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন সকলৰ মাজত কেইগৰাকীমান শিশুও আছে । তিনিজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়  ।

লগতে পঢ়ক :Murder in Lakhimpur : লখিমপুৰত ভয়ংকৰ ঘটনা; ছাগলী চোৰে হত্যা কৰিলে যুৱকক

ABOUT THE AUTHOR

...view details