অসম

assam

কোকৰাঝাৰত শান্তি দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:49 PM IST

ETV Bharat / videos

Peace Rally Kokrajhar: কোকৰাঝাৰত শান্তি দিৱস উদযাপন

কোকৰাঝাৰ,১০ নৱেম্বৰ: বিটিআৰৰ স্থায়ী শান্তিৰ কামনাৰে কোকৰাঝাৰৰ পৰা চিৰাঙলৈ আজি উলিওৱা হয় এক বাইক ৰেলী ।  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অন্ত পৰে এই ৰেলী । উক্ত ৰেলীৰ নেতৃত্ব দিয়ে, ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্যক্ৰমে ৰঞ্জিত কুমাৰ বসুমতাৰী, ড৹ নীলুৎ স্বৰ্গীয়াৰীসহ কেইবাগৰাকী পাৰিষদে ৷  

বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে মটৰ চাইকেল ৰেলী মাথো আৰম্ভণিহে বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত দলে অধিক প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিত বিজেপি, ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই জয়ী হ'ব বুলি দাবী কৰে ৷ হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে কয় যে হাগ্ৰামাৰ যাদুৰ লাঠি আগতে চলিছিল এতিয়া নাই ।  

লগতে পঢ়ক:Asha Karmi protest: মাননিৰ পৰিৱৰ্তে দৰমহা প্ৰদানৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details