অসম

assam

প্ৰকৃততে কোনে জ্বলাইছিল ঢোল আৰু গামোছা !

ETV Bharat / videos

Miscreants burn Dhol: প্ৰকৃততে কোনে জ্বলাইছিল ঢোল আৰু গামোচা ! - Miscreants burn Dhol at Silapathar

By

Published : May 12, 2023, 7:39 PM IST

জোনাই, ১২ মে':ধেমাজি জিলাৰ চিলাপথাৰত গামোচা আৰু ঢোল জ্বলোৱা ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা যুৱককেইজনে সংবাদমেলযোগে অভিযোগ খণ্ডন কৰাৰ প্ৰয়াস কৰে । ৮ মে' তাৰিখে ৰঞ্জন চাংমাই নেতৃত্বৰ দলটিয়ে অসমীয়া গামোচা আৰু ঢোল জ্বলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল (Miscreants burn Dhol at Silapathar)। শুকুৰবাৰে এই সন্দৰ্ভত ৰঞ্জিত চাংমাই, লক্ষী চুতীয়া আৰু অনন্তই স্পষ্ট কৰে যে, তেওঁলোকে বিতুল চেতিয়াৰ ঘৰত ঢোল আৰু গামোচা প্ৰত্যেক দিনৰ দৰে চমজাই দি আহিছিল ।  

কিন্তু গামোচা আৰু ঢোল জ্বলোৱা নাই নাছিল বুলি উল্লেখ কৰি কেনেকৈ গামোচা আৰু ঢোল জ্বলিল এই বিষয়ে তেওঁলোক জ্ঞাত নহয় বুলি মন্তব্য আগবঢ়ায় (Insult to Gamucha at Silapathar) । লিকাবালিত এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য আগবঢ়াই ৰঞ্জন চাংমাই নেতৃত্বাধীন দলটিয়ে । তেওঁলোকৰ ওপৰত সেয়া সম্পূৰ্ণৰূপে মনে সজা আৰু ভিত্তিহীন অভিযোগ আনি বিহুৱা দলটোক জন মানসত হেয় প্ৰতিপ্ৰন্ন কৰাৰ চক্ৰান্ত কৰা হৈছে বুলি উল্লেখ কৰে ।  

এই ক্ষেত্ৰত ৰাইজক ন্যায় প্ৰদান কৰিবলৈ কাতৰে আহ্বান জনোৱাৰ লগতে মিছা অভিযোগ অনা বিতুল চেতিয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰে (PC on burning of Dhol and Gamucha at Silapothar) । 

লগতে পঢ়ক:BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ABOUT THE AUTHOR

...view details