Allegation Against Private Hospital: ভুল চিকিৎসাৰ বলি হৈ বৃদ্ধা মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ - ব্যক্তিগত চিকিৎসালয়
নলবাৰী, ৮ মে’: পুনৰ চৰ্চাত ব্যক্তিগত চিকিৎসালয় (Allegation Against Private Hospital)। এইবাৰ নলবাৰীত ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ । নলবাৰী চহৰৰ মাজ মজিয়াৰ সাৰথি হাস্পতালত ভুল চিকিৎসাৰ বলি হৈ এগৰাকী বৃদ্ধাৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে (patient died for wrong treatment)। ইয়াৰোপৰি পৰিয়ালৰ পৰা ৪৫,০০০ হাজাৰ টকা লৈ ঔষধ ক্ৰয় কৰি হাস্পতালখনৰ চিকিৎসক কৰ্মচাৰীয়ে বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । দেওবাৰে দিনৰ ভাগত নলবাৰী বেলশৰৰ কিৰণ প্ৰভা দাসক ভৰ্তি কৰোৱা হৈছিল নলবাৰীৰ সাৰথি হাস্পতালত (Patient Died In Private Hospital in Nalbari) ।
চিকিৎসাধীন অৱস্থাতেই সোমবাৰে মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ তাৰ পিচতে জাঙুৰ খাই উঠিছে বৃদ্ধা মহিলাগৰাকীৰ পৰিয়ালৰ লোক ৷ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাগৰাকীৰ মৃত্যু হয় বুলি দাবী কৰে পৰিয়ালৰ লোকে ৷ ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰি মাজনিশা চিকিৎসা সেৱা নকৰাৰ অভিযোগো উত্থাপন কৰে পৰিয়ালৰ লোকে ৷ আনহাতে চিকিৎসকে মাজনিশা পৰিয়ালৰ লোকক ক্ষমা খোজা বুলিও জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক:Fire at Mariani : মৰিয়নীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ধাবা