অসম

assam

যমৰ-যাতনা ভুগিছে গ্ৰামাঞ্চলৰ ৰাইজে

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:26 PM IST

ETV Bharat / videos

Pathetic road condition at Amguri:আমগুৰিত যাতায়াতৰ নামত যমৰ-যাতনা ভুগিছে গ্ৰামাঞ্চলৰ ৰাইজে

আমগুৰি, ১ ছেপ্টেম্বৰ :শিৱসাগৰ জিলাৰ আমগুৰিত যাতায়াতৰ নামত যমৰ-যাতনা ভুগিছে গ্ৰামাঞ্চলৰ ৰাইজে । পঞ্চায়তীৰাজ ব্যৱস্থাই ঢুকি নোপোৱা আমগুৰি সমষ্টিৰ পেঙেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত টিংবস্তি পথৰ দুৰৱস্থাই সৰ্বসাধাৰণ ৰাইজক বিপাঙত পেলাইছে । পথটোত কেৱল বৰষুণ দিলেই একাঠু বোকা হোৱাই নহয় বাৰিষা যিকোনো সময়তেই বোকাময় হৈ থাকে ৷

পথটোৰ দুৰাৱস্থাৰ বাবেই স্কুললৈ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হয় । পথটো মেৰামতি কৰিবলৈ স্থানীয় লোকে পেঙেৰা গাঁও পঞ্চায়ত, আমগুৰি ব্লক, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা আৰু শিৱসাগৰ জিলা আয়ুক্তক আবেদন জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । ফলত বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে একাঠু বোকা খচকি দৈনিক অহা-যোৱা কৰিব লগা হয় ।

পথটোৰ দুৰৱস্থাৰ বাবেই বহু ছাত্ৰ-ছাত্ৰী নিৰ্দিষ্ট সময়ত বিদ্যালয়লৈ আহিব নোৱৰাত শিক্ষা গ্ৰহণৰ পৰাও বঞ্চিত হ’ব লগা হয় । যি সময়ত পঞ্চায়তীৰাজ ব্যৱস্থাৰ যোগেদি গ্ৰামাঞ্চলৰ বাট-পথ যাতায়াতৰ সুচল কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে তেনে সময়তে পেঙেৰা গাঁও পঞ্চায়তত বিপৰীত ছবি ফুটি উঠিছে ।

লগতে পঢ়ক :Dhemaji village pathetic road condition:চল্লিশ বছৰেও সলনি নহ’ল ৰাস্তাৰ নক্সা

ABOUT THE AUTHOR

...view details