অসম

assam

তিতাবৰত পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচী

ETV Bharat / videos

পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচীৰে তিতাবৰত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:03 PM IST

যোৰহাট, 14 ডিচেম্বৰ : পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে "বিশ্ব স্মৃতি দিৱস" উপলক্ষে ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী হাতত লৈ বৃহস্পতিবাৰে উপস্থিত হয় তিতাবৰত ৷ তিতাবৰত উপস্থিত হৈ অসম চৰকাৰৰ পথ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক পথ সুৰক্ষা সজাগতা সভাত অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে আন আন জিলা সমূহৰ দৰে মন্ত্ৰীগৰাকীয়ে ৰাজপথত মটৰ চাইকেল চলাই তিতাবৰৰ পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচীত উপস্থিত হয় ৷ মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত যুৱপ্ৰজন্ম তথা তেওঁলোকৰ অভিভাৱক সকলক উদ্দেশ্যি মটৰ চাইকেল তথা গাড়ী চলাওঁতে হেলমেট আৰু ছিটবেল্ট পৰিধান কৰি সতৰ্কতা অৱলম্বন কৰাৰ লগতে সকলোকে পথৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ৷ 

আজিৰ এই পথ সুৰক্ষা সজাগতা কাৰ্যসূচীত তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, জিলা পৰিবহন বিষয়া, আবকাৰী বিষয়াৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ 

লগতে পঢ়ক :জ্যেষ্ঠ নাগৰিকৰ মনোবল বৃদ্ধিৰ উদ্দেশ্য ৪৫০ কি.মি. পদযাত্ৰা বিপিন খনিকৰৰ

ABOUT THE AUTHOR

...view details