Passport brokers arrested: ধুবুৰী আৰক্ষীৰ জালত পাছপ’ৰ্ট দালাল চক্ৰ - পাছপ’ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অভিযান
ধুবুৰীত পাছপ’ৰ্ট সেৱা কেন্দ্ৰত মঙলবাৰে আৰক্ষীৰ অভিযান (Dhubri Police raid against passport brokers) । দালাল চক্ৰৰ সৈতে জড়িত থকা পাছপ’ৰ্ট সেৱা কেন্দ্ৰৰ কৰ্মচাৰীসহ আন দুই দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Passport brokers arrested)। ধুবুৰী প্ৰধান ডাকঘৰত থকা পাছপ’ৰ্ট সেৱা কেন্দ্ৰটোত দীৰ্ঘ দিন ধৰি দালালৰাজ চলি অহাৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে । একাংশ দালাল চক্ৰই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ প্ৰ-পত্ৰ পূৰণ কৰি পাছপ'ৰ্টৰ যাবতীয় কাম কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল । পাছপ’ৰ্ট কেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীৰ সৈতে বুজাবুজি কৰি দালাল চক্ৰই এই কাম কৰি অহাৰ অভিযোগ । সেয়েহে মঙলবাৰে ডাকঘৰৰ সন্মুখত থকা এখন জেৰক্সৰ দোকানত বহি পাছপ'ৰ্টৰ কাম কৰি থকা ধুবুৰীৰ নিউঘাট অঞ্চলৰ ইমদাদুল ইছলাম আৰু জাকিৰ হুছেইন নামৰ দালালক হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তাৰ পিছতেই আৰক্ষীয়ে পাছপ'ৰ্ট কেন্দ্ৰটোত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কেন্দ্ৰটোৰ জ্যোতিষ প্ৰকাশ নামৰ আন এজন জ্যেষ্ঠ সহায়কক । লগতে কিছু নথি-পত্ৰও জব্দ কৰে আৰক্ষীয়ে । ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতিম গগৈৰ নেতৃত্বত চলিছিল এই অভিযান ।
Last Updated : Feb 3, 2023, 8:37 PM IST