অসম

assam

আৱদ্ধ যাত্ৰীবাহী ফেৰী

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 12:45 PM IST

ETV Bharat / videos

Passenger ferry stucked: ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীসহ আৱদ্ধ এম ভি লোহিত

মাজুলী, 8 ছেপ্টেম্বৰ : মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী ফেৰী । এম ভি লোহিত নামৰ ফেৰীখন আৱদ্ধ হৈ পৰে কমলাবাৰী পাৰঘাটৰ পৰা কিছুদূৰ আগত ব্ৰহ্মপুত্ৰৰ বালিচৰত । নিমাতীৰ পৰা ৯.৩০ বজাত যাত্ৰা কৰা ফেৰীখন কমলাবাৰী অভিমুখে গৈ আছিল ।

জানিব পৰা মতে ফেৰী খনত ৬৪ জন যাত্ৰী, ২৭ খন মটৰ চাইকেল, ৩ কুইণ্টল সামগ্ৰী আছিল । বিভাগীয় লোকে খবৰ পোৱাৰ লগে লগেই  যাত্ৰীসকলৰ সহায়ৰ বাবে কোনো অসুবিধা নোহোৱাকৈ S.B প্ৰীতিশ নামৰ গুটীয়া নাও খনেৰে যাত্ৰীসকলক উদ্ধাৰ কৰি পাৰঘাট লৈ লৈ আহে । আৱদ্ধ হোৱা ফেৰীখনৰ পৰা সকলো লোককে সুকলমে পাৰলৈ অনা হয় ৷ এতিয়া জাহাজখনৰ পৰা বাহনসমূহ অনাৰ ব্যৱস্থা কৰি থকা হৈছে ৷ যোৱা কালিও প্ৰচণ্ড ধুমুহাৰ বাবে দুখনকৈ ফেৰী নদীৰ মাজত আৱদ্ধ হৈ পৰিছিল ।

লগতে পঢ়ক :Ferry Stranded In Brahmaputra River: ব্রহ্মপুত্ৰৰ মাজত আবদ্ধ দুখনকৈ মাজুলী অভিমুখী ফেৰী

ABOUT THE AUTHOR

...view details