Passenger ferry stuck in Brahmaputra: অঘটন, ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী - ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী
মাজুলী, 20 জুলাই : ব্ৰহ্মপুত্ৰ নদীৰ মাজত পুনৰ সংঘটিত হৈছে অঘটন ৷ মহাবাহুৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী ৷ মাজুলীত সংঘটিত হৈছে এই অঘটন ৷
এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰিছে ৷ পুৱা 9.30 বজাত নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ আহি আছিল এই ফেৰীখন ৷ ফেৰীখনত 78 জন যাত্ৰী আৰু 20 খন মটৰচাইকেল আছে বুলি জানিব পৰা গৈছে ৷
প্ৰায় এক ঘণ্টাতকৈও অধিক সময় ব্ৰহ্মপুত্ৰ মাজত আবদ্ধ হৈ আছে ফেৰী খন ৷ বুধবাৰৰ দিনটোতো নিমাতীৰ পৰা কমলাবাৰী অভিমুখী এখন ফেৰী নৈৰ মাজত আৱদ্ধ হৈ পৰিছিল ৷ উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে 7 দিন ধৰি বন্ধ হৈ থকা যাত্ৰীবাহী ফেৰী সেৱা বুধবাৰৰ পৰা আৰম্ভ হৈছে ৷
লগতে পঢ়ক:লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত ক্ৰেচ লেণ্ডিং কৰিলে পাইলটে