অসম

assam

বৰপেটাত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

ETV Bharat / videos

Partition Horrors Remembrance Day : বৰপেটাত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

By

Published : Aug 14, 2023, 7:33 PM IST

বৰপেটা, ১৪ আগষ্ট: ভাৰতবৰ্ষৰ স্বাধীনতাৰ আনন্দৰ ক্ষণটোতে প্ৰতিগৰাকী ভাৰতবাসীৰ মন সেমেকাই তোলে বিভাজনৰ বিভীষিকাই ৷ ভাৰত বিভাজনৰ নামত ধৰ্মীয় উন্মাদনাৰ বশৱৰ্তী হৈ দেশৰ ২০ লাখ নাগৰিকক হত্যা কৰাৰ লগতে প্ৰায় ডেৰ কোটি লোকক গৃহহাৰা কৰা হৈছিল ৷ আনকি দেশ বিভাজনৰ বলি হৈ লক্ষাধিক নাবালিকা, যুৱতী আৰু মহিলা ধৰ্ষিতা হ’বলগীয়া হৈছিল ৷ দেশৰ স্বাধীনতা লাভৰ সৈতে জড়িত বিভাজনৰ কৰুণ ইতিহাস সোঁৱৰণ কৰাৰ বাবেই দেশজুৰি পালন কৰা হৈছে বিভাজনৰ বিভীষিকা দিৱস ৷

সমগ্ৰ দেশৰ লগতে সোমবাৰে বৰপেটাতো বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয় ৷ বৰপেটাৰ স্থানীয় ৰাইজৰ দ্বাৰা আয়োজিত এই বিভাজন বিভীষিকা স্মৃতি দিৱসৰ অংশস্বৰূপে বৰপেটা চহৰৰ মাজেৰে মৌন সমদল যাত্ৰা কৰাৰ লগতে বৰপেটা প্ৰেছ ক্লাব প্ৰাংগনত মুকলি সভা অনুষ্ঠিত হয় ।

আনহাতে জিলাখনৰ আটাইকেইখন পৌৰসভা আৰু নগৰ সমিতিৰ উদ্যোগত স্বাধীনতা দিৱসৰ আগমুহূৰ্তত স্থানীয়ভাৱে সমদল উলিওৱা হয়। এই সমদলত কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰে । সমদলকাৰীসকলে হাতে হাতে ত্ৰিৰংগ পতাকা লৈ ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি ধ্বনিৰে উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

লগতে পঢ়ক:Partition Horrors Remembrance Day : নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন

ABOUT THE AUTHOR

...view details