অসম

assam

ডিব্ৰুগড়ত শিশু বেচা-কিনাৰ এক ভয়ংকৰ ছবি

ETV Bharat / videos

New born baby sell in Dibrugarh : ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰিল কেঁচুৱা বিক্ৰীৰ বাবে চেষ্টা কৰা এটা দম্পতী - চিকিৎসক দম্পতীয়ে শিশু নিৰ্যাতন কৰি আটক

By

Published : May 30, 2023, 2:59 PM IST

ডিব্ৰুগড়, 30 মে’ :গুৱাহাটী মহানগৰীত পোহৰলৈ আহিছিল শিশু বিক্ৰী কৰা এখন ভয়ংকৰ বজাৰৰ কথা । গুৱাহাটীত এক চিকিৎসক দম্পতীয়ে শিশু নিৰ্যাতন কৰি আটক হোৱাৰ পাচতে গুৱাহাটীত চলি থকা শিশু বেচা-কিনাৰ এক ভয়ংকৰ ছবি পোহৰলৈ আহিছিল । এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ ডিব্ৰুগড়ত পোহৰলৈ আহিছে কেঁচুৱা বিক্ৰীৰ এক ভয়ংকৰ তথ্য (New born baby sell in Dibrugarh) ।

মাত্ৰ এক লাখ বা নব্বৈ হাজাৰ টকাত বিক্ৰী হয় সদ্যজাত কেঁচুৱা । মানৱতাক ভূ-লুণ্ঠিত কৰা তেনে এক ভয়ানক ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড়ত । ডিব্ৰুগড়ত এটা দম্পত্তিয়ে মাত্ৰ 90 হাজাৰ টকাত নিজৰ সদ্যজাত সন্তান বিক্ৰী কৰিবলৈ যো-জা চলাওঁতেই পৰে আৰক্ষীৰ জালত (Parents sell their newborn baby in Dibrugarh)।

উল্লেখ্য যে, শিৱসাগৰৰ এজন সাংবাদিক ইউনিচ তামুলীয়ে গ্ৰাহকৰ বেশত পৰিকল্পিতভাৱে সদ্যজাত কেঁচুৱাটিক 90 হাজাৰ টকাত কিনিবলৈ বন্দবস্ত কৰে । এই কথা সাংবাদিকজনে অৱগত কৰি ৰাখিছিল শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনক । তাৰ পাচতে ইউনুচ তামুলীৰ সহযোগত CWC আৰু ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ গ্ৰেহেম বজাৰৰ পৰা কেঁচুৱাটি বিক্ৰীৰ বাবে অহা দম্পতিটোক হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Guwahati Doctor Couple case : শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details