অসম

assam

কামপুৰৰ দীপাংক গোৱালা আৰু সুভাষ হীৰা

ETV Bharat / videos

Appeal To Paresh Baruah: বুকুৰ সন্তন বিচাৰি পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ দুই পিতৃ-মাতৃৰ - kampur youth in ulfa i

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 8:39 PM IST

বঢ়মপুৰ, 29 অক্টোবৰ : একেলগে ওলাই যোৱা তিনি বন্ধুৱে যোগদান কৰিছিল আলফা(স্বা)ত ৷ তেওঁলোকৰ মাজৰে এগৰাকীক সংগঠনটোৰ শিবিৰতে গুলীয়াই হত্যা কৰা হ’ল ৷ বাকী দুগৰাকীৰ বাসগৃহত এতিয়া অবৰ্ণনীয় পৰিৱেশ ৷

২০২২ চনৰ ১৮ মাৰ্চত নগাঁও জিলাৰ কামপুৰ পটিয়াপাম আৰু বনপালি গাঁৱৰ তিনি বন্ধু তন্ময় বৰা, দীপাংকৰ গোৱালা আৰু সুভাষ হীৰা বন্ধুৰ জন্মদিন খাবলৈ যাওঁ বুলি ঘৰত কৈ থৈ গৈ ম্যানমাৰস্থিত আলফা(স্বা)ৰ শিবিৰত যোগদান কৰিছিল ৷ কিন্তু আলফা শিবিৰৰ পৰা পলায়ন কৰা অপৰাধত পাঠশালাৰ যুৱক বিভাকৰ কলিতা আৰু নগাঁও কামপুৰ পটিয়াপামৰ তন্ময় বৰা ওৰফে দীপ অসমক মৃত্যুদণ্ড দিয়া বুলি ওলোৱা খবৰ ইতিমধ্যে নিশ্চিত হৈছে ৷

ইয়াৰ পাচতে কামপুৰৰ দীপাংক গোৱালা আৰু সুভাষ হীৰাৰ পৰিয়ালে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ অনুৰোধ জনাইছে যুৱক দুজনক সুশৰীৰে ঘৰলৈ ঘূৰাই পঠিওৱাৰ বাবে ৷

লগতে পঢ়ক :ULFA I Replies to Assam DGP: গুপ্তহত্যাৰ পৰা জোনমণিৰ মৃত্যুলৈকে জিপি সিঙক সাঙুৰিলে আলাফা(স্বা)ই

ABOUT THE AUTHOR

...view details