অসম

assam

এটি কণমানি শিশুৰ আৰ্তনাদে কন্দুৱাইছে সকলোকে

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 10:46 PM IST

এটি কণমানি শিশুৰ আৰ্তনাদে কন্দুৱাইছে সকলোকে

যোৰহাট, 18 ডিচেম্বৰ :এক জটিল ৰোগত আক্ৰান্ত তিতাবৰৰ হৰ্ষিত হিয়ান বৰা নামৰ এটি কণমানি শিশু । মাত্ৰ ৮ মাহ বয়সতে হৰ্ষিত আক্ৰান্ত হৈছে যকৃতৰ ৰোগত । সম্প্ৰতি হায়দৰাবাদত চিকিৎসাধীন হৰ্ষিত নামৰ কণমানি শিশুটো । শিশুটোক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন ২০ লাখৰো অধিক ধনৰ ।

তিতাবৰৰ বৰহোলা নিবাসী হৰেন বৰাৰ ৮ মহীয়া পুত্ৰ সন্তান হৰ্ষিত হিয়ান বৰা যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা এমাহ ধৰি চিকিৎসাধীন হৈ আছে । হৰ্ষিত হিয়ানৰ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালটোক কিছু অৰ্থ সাহায্যৰ প্ৰয়োজন হৈছে । উন্নত চিকিৎসা পদ্ধতি, বিশেষ যত্ন আৰু অত্যাৱশ্যকীয় ঔষধকে ধৰি চিকিৎসাৰ আনুমানিক খৰচ বিশ লাখ পৰ্যন্ত হ’ব পাৰে বুলি চিকিৎসকে জনাইছে ।

ৰাইজৰ কিঞ্চিৎ আৰ্থিক বৰঙণিয়ে পৰিয়ালটোৰ বিপদৰ সময়ত যথেষ্ট সহায়ক হ’ব । পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিবলৈ হৰেন বৰাৰ ভাৰতীয় ষ্টেট বেংকৰ বৰহোলা শাখাৰ একাউণ্ট নং 32893972051( IFSC SBIN0004573 ) ত আপোনাৰ বৰঙণি প্ৰেৰণ কৰিব পাৰিব অথবা গুগল পে/ফোন পে যোগে ৮৬৩৮৬৫৬৭৩১ নম্বৰত চিকিৎসাৰ বাবে সাহায্য আগবঢ়াব পাৰিব । আপোনাৰ বৰঙণিয়ে পৰিয়ালটিলৈ সুখৰ হাঁহি বিৰিঙাই আনিব ।

লগতে পঢ়ক :Seeks medical help: উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰিছে শিক্ষয়িত্ৰী প্ৰণামিকা শর্মাই

ABOUT THE AUTHOR

...view details