অসম

assam

সাংসদ পল্লৱলোচন দাস

By

Published : Jun 10, 2023, 8:33 PM IST

ETV Bharat / videos

Load Shedding controcersy:শক্তিমন্ত্ৰীয়ে বিদ্যুৎ কৰ্তন সন্দৰ্ভত কৰা মন্তব্য় জ্ঞাত নহয় পল্লৱলোচন

তেজপুৰ, ১০ জুন:বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যৰ শক্তিমন্ত্ৰীৰ পৰা বিধানসভাৰ অধ্যক্ষলৈকে সকলোৰে ভিন্ন যুক্তি ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে বিদ্যুতৰ বিল বেছি হৈছে যদি ফেন বন্ধ কৰি গছৰ তলত থাকিবলৈ পৰামৰ্শ দিছে । ইপিনে, সঘনাই ৰাজ্যত বিদ্যুৎ কৰ্তন কৰা সম্পৰ্কত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই বিদ্যুত পৰিবাহী তাঁৰসমূহ উৎকট গৰমত জ্বলি যোৱা বাবে সঘনাই বিদ্যুৎ কৰ্তন হোৱা বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে (MP Pallablochan Das react on Load Shedding) ।  

এই সম্পৰ্কত সাংসদ পল্লৱলোচন দাসে কয় যে অধ্যক্ষগৰাকীয়ে কি প্ৰসংগত এই কথা কৈছে তেওঁ নাজানে ৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ হকে নিৰন্তৰ কাম কৰি গৈছে বুলি তেওঁ কয় ৷ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই কৰা মন্তব্য সম্পৰ্কে তেওঁ জ্ঞাত নহয় বুলি এক প্ৰকাৰ দায়সৰা মন্তব্য় কৰে তেজপুৰৰ সাংসদজনে ।

লগতে পঢ়ক:Silsako Protest: গুৱাহাটীত থকা অশোক সিংহলৰ ২০ মহলীয়া অবৈধ অট্টালিকা ভাঙি দিয়াৰ দাবী আপৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details