অসম

assam

আঘোনৰ পথাৰত দাৱনীৰ জাকৈয়া হাঁহি, ঘৰলৈ আদৰিছে লখিমীক

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 11:31 AM IST

ETV Bharat / videos

আঘোণৰ পথাৰত দাৱনীৰ জাকৈয়া হাঁহি, ঘৰলৈ আদৰিছে লখিমীক

বঢ়মপুৰ,১৯ নৱেম্বৰ :শাওনৰ সেউজীয়া সপোনবোৰ এতিয়া সোণোৱালী হৈছে । আঘোণে বিৰিঙাইছে প্ৰাপ্তিৰ হাঁহি । বাঢ়িছে কৃষক ৰাইজৰ ব্য়স্ততা । ঘৰলৈ আদৰিছে লখিমীক । লহপহীয়া সোণগুটিয়ে সোণোৱালী কৰিছে পথাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলৰ দৰে নগাঁৱৰ কঠীয়াতলীৰ কৃষক ৰাইজো ব্যস্ত হৈ পৰিছে হেঁপাহৰ খেতিডৰা চপোৱাত ।

কঠীয়াতলীৰ পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোণগুটি চপোৱাত ৷ বিহুগীত, বিহু নৃত্যৰ লগতে কাঁচিৰ খচ খচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোণৰ পথাৰ ৷ সপোনৰ সোণগুটিৰে সোণোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যস্ত দাৱনী তথা চহা কৃষকসকল । বিগত বৰ্ষৰ তুলনাত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমাণে ভাল হোৱা বুলি জনাই কৃষক ৰাইজে । 

লগতে পঢ়ক :বৰপথাৰত অনুষ্ঠিত আন্তঃজিলা মহিলা হেণ্ডবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details