অসম

assam

Slow loris rescued

By

Published : Jun 13, 2023, 4:28 PM IST

Updated : Jun 13, 2023, 4:37 PM IST

ETV Bharat / videos

Slow loris rescued:জোনাইত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

জোনাই,13 জুন: জোনাইৰ ৰাজাখানা শিলিখাগুৰিত উদ্ধাৰ দুষ্প্ৰাপ্য লাজুকী বান্দৰ ৷  স্থানীয় ৰাইজে দিনৰ 11.30 বজাত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷ জানিব পৰা মতে ৰাজাখানাৰ শিলিখাগুৰিৰ বড়ো গাঁৱত এঘৰ মানুহৰ বাৰীত বগাই থকা অৱস্থাত স্থানীয় লোকে দেখা পাই খবৰ দিয়ে জোনাই বন বিভাগক ৷ বন বিভাগে ৰাইজৰ সহযোগত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷ খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো কাষতে থকা পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ বিগত কিছু দিনৰ পৰা পবা বনাঞ্চলৰ পৰা জনাঞ্চললৈ সঘনাই ওলাই আহিছে বন্য জীৱ-জন্তু ৷  অৱশেষত বন বিভাগে লাজুকী বান্দৰটো উদ্ধাৰ কৰি লগে লগে পবা সংৰক্ষিত বনাঞ্চলৰ লেকু খণ্ডত মুকলি কৰি দিয়ে ৷  

লগতে পঢ়ক:Assam BJYM: বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে যুৱ মৰ্চাই আৰম্ভ কৰিব বাইক ৰেলী

Last Updated : Jun 13, 2023, 4:37 PM IST

ABOUT THE AUTHOR

...view details