অসম

assam

খোৱাঙত কনজাংকটিভাইটিছত আক্ৰান্তৰ ভিৰ

ETV Bharat / videos

Eye infection in Assam:খোৱাঙত কনজাংকটিভাইটিছত আক্ৰান্ত ছাত্ৰ-ছাত্ৰী - খোৱাঙত কনজাংকটিভাইটিছত আক্ৰান্তৰ ভিৰ

By

Published : Aug 9, 2023, 5:12 PM IST

মৰাণ, ৯ আগষ্ট:ডেংগু, এনকেফেলাইটিছ ৰোগৰ ভয়াবহ ৰূপৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ জিলা মৰাণতো চকুৰ সংক্ৰমিত ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে ৷ ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল কম-বেছি পৰিমাণে আক্ৰান্ত হৈছে চকুৰ এই ৰোগত ৷ চিকিৎসা বিজ্ঞানত এই ৰোগক কনজাংকটিভাইটিছ বুলি কোৱা হয় ।

খোৱাং জনতা হাইস্কুলৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ আক্ৰান্ত হোৱাৰ পাছতে তেওঁলোকে খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰে  ৷ অৱশ্যে এই চকুৰ ৰোগক লৈ শংকিত নহ'বলৈ আহ্বান জনাইছে চিকিৎসকে ৷  

খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ ঔষধ মজুত আছে বুলি উল্লেখ কৰি চিকিৎসালয়খনৰ চিকিৎসকে ছাত্ৰ-ছাত্ৰীসকলক সতৰ্কতা অৱলম্বণ কৰিবলৈ আহ্বান জনাইছে ৷ হাত-মুখ পৰিস্কাৰ-পৰিচন্নভাৱে ৰখাৰ লগতে চকুত পৰাপক্ষত ক'লা চশমা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে চিকিৎসকে ৷

লগতে পঢ়ক:Heated situation in Rangia: টকাৰ বেগ দেখি ভুল বুজাবুজি, লগে লগে গণপ্ৰহাৰ; কথমপি প্ৰাণ ৰক্ষা দুই যুৱকৰ

ABOUT THE AUTHOR

...view details