অসম

assam

গুণ্ডাৰূপী ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত ঘেৰাও কাকতিবাৰী আৰক্ষী থানা

ETV Bharat / videos

Tense situation at Sonari: গুণ্ডাৰূপী ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত ঘেৰাও কাকতিবাৰী আৰক্ষী থানা - Organization protest against contractor

By

Published : Apr 28, 2023, 10:07 PM IST

মৰাণ, 28 এপ্ৰিল:সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি (Tense situation at Sonari)। কেইবাটাও দল-সংগঠনে ঘেৰাও কৰিলে কাকতিবাৰী আৰক্ষী থানা। জল জীৱন মিছনৰ ঠিকাদাৰে AJYCP ৰ স্থানীয় নেতাক প্ৰহাৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদ দল-সংগঠনৰ (Organization protest against contractor)। ঘটনা সংঘটিত হোৱাৰ 12 ঘণ্টা হৈ যোৱাৰ পিচতো অভিযুক্ত ঠিকাদাৰ নিৰ্মল মূড়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (protest against contractor at Kakotibari police station) ।  

উল্লেখযোগ্য যে, নিৰ্মীয়মান জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবে AJYCPৰ আঞ্চলিক সস্পাদকক ঠিকাদাৰে অন কেমেৰা প্ৰচণ্ড চৰ সোধাইছিল (Contractor slaps AJYCP leader) ৷ চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চাউনি হাবি পথাৰ অঞ্চলত নিৰ্মিত জল জীৱন মিছনৰ প্ৰকল্পৰ বিসংগতি আঙুলিয়াই দিয়াৰ বাবেই AJYCP মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদক লক্ষী দাস পানিকাক চৰ সোধাইছিল গুণ্ডাৰূপী ঠিকাদাৰে (Jal Jivan Mission scam)। 

লগতে পঢ়ক:Jal Jivan Mission scam: বিসংগিত দেখুওৱাৰ বাবে AJYCPৰ নেতাক চৰ সোধালে ঠিকাদাৰে

ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰিছিল ঠিকাদাৰ নিৰ্মল মূড়ে । ইয়াৰ পাচতেই আজি অনা অসমীয়া ঠিকাদাৰগৰাকীক গ্ৰেপ্তাৰ কৰা দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় দল- সংগঠনে (Demanding arrest contractor) ৷

ABOUT THE AUTHOR

...view details