World Organ Donation Day 2023: আপোনাৰ অংগদানৰে দিব পাৰে এটা নতুন জীৱন, অংগদান সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসাক ডাঃ সুভাষ খান্নাই
গুৱাহাটী, 3 আগষ্ট: স্বাগত হাস্পতালৰ উদ্যোগত অংগদানৰ সজাগতামূলক অনুষ্ঠান । অংগদানৰ লগত জড়িত সমস্যাসমূহ সমাধান কৰাৰ লগতেই অংগদানৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই শিবিৰ অনুষ্ঠিত কৰা হয় । মৃত্যুৰ পিছত আন কাৰোবাৰ জীৱন ৰক্ষা কৰিবলৈ মানুহক নিজৰ সুস্থ অংগ দান কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে এই দিৱসটো প্ৰস্তুত কৰা হৈছে । বৃক্ক, হৃদযন্ত্ৰ, চকু, হাওঁফাওঁ আদি অংগ দান কৰিলে দীৰ্ঘদিনীয়া ৰোগৰ সৈতে যুঁজি থকা লোকসকলক জীৱন ৰক্ষা কৰাত সহায় কৰিব পাৰি । অংগদান দুই ধৰণৰ থাকে, এটা জীৱিত অৱস্থাত আৰু এটা মৃত্যুৰ পিছত । অংগদান কৰিলে আন এজনৰ জীৱনো ৰক্ষা কৰিব পাৰি ।
উল্লেখ্য যে, অংগদানৰ ওপৰৰ সজাগতা সৃষ্টিৰৰ উদ্দেশ্য প্ৰতি বছৰে ১৩ আগষ্টত সমগ্ৰ বিশ্বতে "বিশ্ব অংগদান দিৱস" হিচাপে পালন কৰা হয় । কিন্তু ভাৰত চৰকাৰে অমৃত মহোৎসৱৰৰ লগত সংগতি ৰাখি "অংগদান মহাৎসৱ" নামেৰে এটা সজাগতা অভিযান পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অভিযানৰ অংশ হিচাপে ৩ আগষ্টৰ দিনটোত "অঙ্গদান মহাৎসৱ"ৰ লগত সংগতি ৰাখি স্বাগত হাস্পাতালত অনুষ্ঠিত হয় এই সজাগতা শিবিৰ ।
উল্লেখ্য যে বিগ বি অমিতাভ বচ্চনকে ধৰি বলিউডৰ জগতৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে ইতিমধ্যে এই অভিযানত অংশ লৈছে । দক্ষিণ ভাৰতৰ ইতিমধ্যে বহুত লোকে তেওঁলোক অংগ দান কৰিছে । কিন্তু দক্ষিণ ভাৰতৰ তুলনাত অসমত তথা উত্তৰ পূৰ্বাঞ্চলত অংগদানৰ হাৰ কম ।