Actress Barsha Rani Bishaya : বৰষা ৰাণী বিষয়াক দললৈ আদৰিবলৈ প্ৰস্তুত আছে কংগ্ৰেছ
বৰষা ৰাণী বিষয়াক(Actress Barsha Rani Bishaya) দললৈ আদৰিবলৈ সাজু হৈ আছে প্ৰদেশ কংগ্ৰেছ ৷ এই কথা স্পষ্ট হ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্যত ৷ শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ হৈ অভিনেত্ৰীগৰাকীয়ে প্ৰাৰ্থিত্ব লাভৰ সন্দৰ্ভত চলিছে সৰৱ চৰ্চা ৷ এই বিষয়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক(Opposition leader Debabrat saikia) সাংবাদিকে সোধা প্ৰশ্নোত্তৰত তেওঁ কয়- ‘‘শিল্পীসমাজে আমাক সমৰ্থন জনাই আগবাঢ়ি আহক ৷ বৰষা ৰাণী বিষয়া যথেষ্ট টেলেণ্টেড ৷ গতিকে নিশ্চয় আদৰণি জনাম’’৷ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কংগ্ৰেছৰ টিকট লাভৰ প্ৰসংগটো কোনে উত্থাপন কৰিছে সেই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে ৷