অসম

assam

শিক্ষয়িত্ৰীৰ একাউন্টৰ পৰা প্ৰৱঞ্চকে লুটিলে ৯৮ হাজাৰ টকা

ETV Bharat / videos

Online Fraud in Nalbari : ইউ পি আই আছে যদি সৱধান ! শিক্ষয়িত্ৰীৰ একাউন্টৰ পৰা প্ৰৱঞ্চকে লুটিলে ৯৮ হাজাৰ টকা

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:57 PM IST

নলবাৰী, 1 নৱেম্বৰ :বেংকৰ নাম লৈ অচিনাকি ব্যক্তিয়ে আপোনালৈ অ টি পি বিচাৰি ফোন কৰে নেকি ? তেন্তে সাৱধান ৷ কাৰণ আপুনিও হেৰুৱাব পাৰে সাঁচতীয়া ধন ৷ এনে ঘটনা সংঘটিত হ’ল নলবাৰীত ৷ নলবাৰীৰ নাৰুৱাৰ এগৰাকী শিক্ষয়িত্ৰীৰ বেংক একাউণ্টৰ পৰা প্ৰৱঞ্চকে লুটিলে 98,500 টকা ৷ ঘটনা অনুসৰি নলবাৰী নাৰুৱাৰ মনিকা হালৈ নামৰ শিক্ষয়িত্ৰী গৰাকীৰ ভাৰতীয় ষ্টেট বেংকৰ মুকালমুৱা শাখাত থকা একাউণ্টৰ পৰা প্ৰৱঞ্চকে অনলাইন যোগে লুটি লৈ গ'ল 98,500 টকা ৷

ভুক্তভোগী শিক্ষয়িত্ৰীয়ে কয়, ‘‘যোৱা 30 অক্টোবৰ তাৰিখে 1500 টকা ডেবিট হোৱা মেছেজ আহিছিল ৷ কিন্তু সেই সময়ত মই কোনো লেনদেন কৰা নাছিলো ৷ মেছেজ পোৱাৰ পাচতে মই বেংকৰ হেল্পলাইন নম্বৰত ফোন কৰিলো ৷  কিয় 1500 টকা ডেবিট হ’ল বুলি জানিব বিচৰাত তেওঁলোকে মোক লেনদেন কৰা বুলি কলে ৷ লগতে 97,000 হাজাৰ টকা ইতিমধ্যে খৰচ কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে  ৷ বেংকৰ নাম লৈ ইউ পি আইৰ নাম্বাৰ সলনি কৰিব বিচাৰে নেকি বুলি অচিনাকি লোকে ফোন কৰিছিল আৰু অ টি পিও বিচাৰিছিল ৷ কিন্তু মই দিয়া নাছিল ৷’’

এই ঘটনাৰ পাচতে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে মুকালমুৱাস্থিত ভাৰতীয় ষ্টেট বেংক কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ সম্প্ৰতি ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰি আৰক্ষী প্ৰশাসন আৰু চাইবাৰ অপৰাধ শাখাত এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক:Nalbari Raas Mahotsav : নলবাৰীত ৰাসৰ আখৰা উদ্বোধনী অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মা

ABOUT THE AUTHOR

...view details