ULFA (I) linkman detained: আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত জামুগুৰিহাটত এজনক আটক - ৰণজিৎ বড়ো
চতিয়া, 14 আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান সময় ৷ এইবাৰ দেশৰ লগতে ৰাজ্যতো 77 সংখ্যক স্বাধীনতা দিৱস উলহে মালহে পালনৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ ইয়াৰ সমান্তৰালকৈ এই স্বাধীনতা দিৱসৰ ক্ষণত ৰাজ্যখনত কোনো যাতে কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষী তথা প্ৰশাসনে ৷
ইয়াৰে মাজতে সোমবাৰে আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত জামুগুৰিহাটত এজন যুৱকক আটক কৰে আৰক্ষীয়ে ৷ ঘটনা প্ৰসংগত জানিব পৰা মতে, জামুগুৰিহাটৰ নিকতৱৰ্তী টুপীয়াৰ ৰণজিৎ বড়ো নামৰ যুৱকজনে আলফা (স্বাধীন) ই স্বাধীনতা দিৱস বৰ্জন কৰাৰ বাবে আপলোড কৰা পোষ্ট সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাইছিল। ইতিমধ্যে যুৱকজনক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে জামুগুৰি আৰক্ষীয়ে ৷