Scrub Typhus disease: দৰঙত স্ক্ৰাৱ টাইফছত আক্ৰান্ত হৈ এজনৰ মৃত্যু - Scrub Typhus disease
মঙলদৈ, 2 জুন: দৰঙৰ ডাঁহীত এইবাৰ নতুন ৰোগৰ সংক্ৰমণ । স্ক্ৰাৱ টাইফছ (SCRUB TYPHUS) নামৰ এবিধ নতুন ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু । মৃত্যু হোৱা ব্যক্তিগৰাকী ডাঁহীৰ হিৰণ চহৰীয়া । এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ পিচতে ডাঁহী অঞ্চলত চিকিৎসা বিভাগে আৰম্ভ কৰিছে সজাগতা সভা ৷ লগতে সংগ্ৰহ কৰিছে বিভিন্নজনৰ তেজৰ নমুনা (One person died in Scrub Typhus) ।
দৰং জিলাৰ ডাঁহী অঞ্চলত হিৰণ চহৰীয়াৰ দেহটো ধৰা পৰে এই ৰোগবিধ । ইতিমধ্যে মৃত্যু হোৱা হিৰণ চহৰীয়াৰ তেজৰ নমুনাত এই ৰোগ বিধ ধৰা পৰে ৷ এই ৰোগবিধ এবিধ প্ৰতংগৰ দ্বাৰা বিয়পে । মকৰাৰ দৰে এবিধ প্ৰতংগ আছে ৷ অকল সেইবিধে কামোৰাৰ ফলতে এই বেমাৰটো হয় । ঘন বৰষুণ হ'লে বোকা বা ঘাঁহনি আদি ঠাইত এইবিধ পোক থাকে । সম্ভৱতঃ বংশবৃদ্ধি কৰাৰ সময়ত এইবিধ পোকে পোৱালি দিয়ে আৰু সেই পোৱালিবোৰে কামোৰাৰ ফলত ব্যক্তি গৰাকী এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে (Scrub Typhus disease in Darrang)।
পোকবিধে কামোৰাৰ পাচতে সেই অংশত ৰঙা পৰি গাঁতৰ দৰে হৈ ঘাঁ লাগে । যাৰ ফলত তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ দুৰ্বলতা, বমি, শৌচ ইত্যাদি হয় ৷ মৃত ব্যক্তিগৰাকীৰ বাহিৰে এতিয়ালৈ আন কোনো লোকৰ দেহত এই ৰোগবিধ সংক্ৰমণ হোৱা নাই যদিও সকলোকে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে স্বাস্থ্য বিভাগে (Scrub Typhus disease)।
লগতে পঢ়ক:Accident at Rahmoria: হৃদয় বিদাৰক, বোকাত লাগি থকা ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু সমাজ কৰ্মীৰ