Tree falls in Lakhimpur : গছ বাগৰি এজনৰ মৃত্যু; খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - শিমলু গছ বাগৰি এজনৰ মৃত্যু
লখিমপুৰ, 12 জুলাই : লখিমপুৰ নগৰত ভয়ংকৰ ঘটনা । প্ৰায় 50 বছৰ পুৰণি এজোপা শিমলু গছ বাগৰি এজনৰ মৃত্যু হোৱাৰ উপৰি কেইবাজনো লোক আহত হোৱাৰ লগতে বহু যান-বাহন, দোকান ঘৰ আদিৰ ক্ষতি হয় । নগৰৰ খেলমাটিত বুধবাৰৰ পুৱা 11 মান বজাত সংঘটিত হয় এই ঘটনাটো । খেলমাটিৰ জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ সন্মুখত সদা ব্যস্ত এন টি ৰোডত বাগৰি পৰে প্ৰকাণ্ড গছডাল ।
পদপথৰ দাঁতিত অস্থায়ীভাৱে চাহৰ দোকান দিয়া জামাল উদ্দিন নামৰ বয়োজ্যেষ্ঠ দোকানীজনৰ দোকানৰ ওপৰতে গছডাল বাগৰি পৰাৰ ফলত গুৰুতৰভাৱে লোকজন আহত হোৱাৰ পিচত চিকিৎসালয়লৈ নিয়াৰ পথত লোকজনৰ অকাল মৃত্যু ঘটে । আনহাতে, এগৰাকী মহিলা আৰু ছোৱালী আহত হয় বুলি জানিবলৈ পৰা গৈছে । আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ঘটনাটো সংঘটিত হোৱাৰ ফলত পথটোৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে । সংশ্লিষ্ট বন বিভাগে সময়মতে নগৰ এলেকাত বিপদজনকভাৱে থকা বৃহৎ গছসমূহ নকটাৰ বাবেই এনে কৰুণ ঘটনা সংঘটিত হয় বুলি ক্ষোভ উজাৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : Journalist attack in Jorhat : সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ