অসম

assam

ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল কিশোৰৰ

ETV Bharat / videos

Road Accident: গেলেকীৰ আঠখেলত ভয়ংকৰ পথ দুৰ্ঘটনা - Road Accident

By

Published : Apr 17, 2023, 10:34 AM IST

আমগুৰি, 17 এপ্ৰিল:শিৱসাগৰ জিলাৰ গেলেকীৰ আঠখেলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ আঠখেলৰ দিশৰ পৰা এখন পালচাৰ বাইকেৰে গেলেকী অভিমুখে গৈ থকা অৱস্থাত ONGC ৰ এখন গধুৰ বাহনৰ খুন্দাত এজন যুৱকৰ থিতাতে নিহত হৈছে ৷ যুৱকজন আঠখেলৰ 16 নম্বৰ লাইনৰ ভৱজ্যোতি হাজৰিকা বুলি জানিব পৰা গৈছে ৷ মৃত যুৱকজনৰ বয়স 15 বছৰ বুলি জানিব পৰা গৈছে (Road Accident at Geleki in Sivasagar) ৷

দুৰ্ঘটনাত পতিত হোৱা পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 04 K 6813 আৰু ONGCৰ গধুৰ বাহনখনৰ নম্বৰ AS 04 G 4473 (Tragic Road Accident at Geleki in Sivasagar)৷ দুৰ্ঘটনাৰ পিচতে অঞ্চলজুৰি সৃষ্টি হয় ব্যাপক চাঞ্চল্যৰ ৷ কেইবা শতাধিক লোক আহি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত গেলেকী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃত যুৱকজনক উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে (Road Accident in Geleki) ৷

লগতে পঢ়ক:Road Accident at Kaliabor : কলিয়াবৰৰ চাৰিলেন যুক্ত পথত বাগৰিল মালবাহী ট্ৰাক 

ABOUT THE AUTHOR

...view details