অসম

assam

সোণৰ পৰিৱৰ্তে ওলাল মাটিৰ চপৰা আৰু শিলগুটি

ETV Bharat / videos

Fake gold: সোণৰ নামত ৰামঠগন, সোণৰ পৰিৱৰ্তে ওলাল মাটিৰ চপৰা আৰু শিলগুটি - সোণৰ পৰিৱৰ্তে ওলাল মাটিৰ চপৰা আৰু শিলগুটি

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 6:46 PM IST

দৰং, 11 ছেপ্টেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ দৰং জিলাতো সক্ৰিয় হৈছে নকল সোণৰ ব্যৱসায় ৷ এইবাৰ আৰক্ষীৰ জালত পৰিল নকল সোণৰ ব্যৱসায়ী। ছয় লাখ টকাৰ বিনিময়ত সোণৰ পৰিৱৰ্তে লাভ কৰিলে মাটিৰ চপৰা আৰু শিলগুটি। কেৱল ইমানেই নহয়, দৰঙৰ মঙলদৈ সদৰ থানাৰ আৰক্ষীৰ জালত পৰিল ব্যৱসায়ী আৰু সোণ কিনিবলৈ অহা তিনিগৰাকী লোক।

ঘটনা অনুসৰি দুমুনিচকী বাহগড়াৰ ময়দুল ইছলাম আৰু ইনতাজুল হক নামৰ লোক দুজনৰ পৰা লালপুলৰ হাইদৰ আলীয়ে আগধন হিচাপে লৈছিল প্ৰায় 6 লাখ টকা। হাইদৰে সোণখিনি নিবলৈ মাতিছিল ময়দুল আৰু ইনতাজুলক। হাইদৰে নিশাৰ এন্ধাৰত মাটি পৰা এটা টোপোলা খান্দি বেগত ভৰাই দি ঘৰলৈ গৈ খুলিবলৈ কয়। সেইমতে ব্যৱসায়ী কেইজনে লালপুলৰ পৰা দুমুনিচকী বাহগড়ালৈ সোণৰ টোপোলা লৈ আহি থকা অৱস্থাত মঙলদৈ আৰক্ষীয়ে কৰায়ত্ত কৰে।

তাৰ পিচতে মঙলদৈ সদৰ থানাত সোণৰ টোপোলা খুলি দেখা পাই যে সেয়া সোণ নহয়, মাটিৰ চপৰা আৰু শিলগুটিহে। তেতিয়াই পোহৰলৈ আহিল সমগ্ৰ ঘটনা। তাৰ পিচতে নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত কৰিম আলীক আৰক্ষীয়ে আটক কৰে যদিও মাষ্টাৰ মাইণ্ড হাইদৰ আলী এতিয়াও পলাতক অৱস্থাত আছে।

লগতে পঢ়ক:3 murder case in Dibrugarh: তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে ডিব্ৰুগড়, আৰক্ষী অধীক্ষকৰ সংবাদমেল

ABOUT THE AUTHOR

...view details