এফালে বন বিভাগৰ কাৰ্যালয়তে মৃত্যু হাতী পোৱালীৰ, আনফালে পথাৰত আঘাতৰে যুঁজিছে আন এটিয়ে - জিলা বন বিষয়া
Published : Dec 9, 2023, 2:31 PM IST
নগাঁও/চামগুৰি 8 ডিচেম্বৰ:ৰাজ্যৰবন্যক্ষেত্ৰৰ বাবে দুখৰ বিষয় ৷ নগাঁৱত বন বিভাগৰ কাৰ্যালয়তে মৃত্যু ঘটে উদ্ধাৰ হোৱা এটা হাতী পোৱালীৰ । নগাঁৱৰ কাতিমাৰীস্থিত বন বিভাগৰ কাৰ্যালয়ত মৃত্যু ঘটে হাতী পোৱালীটোৰ । নগাঁৱৰ বৰকোলা পালেংতলীত হাতীৰ জাকৰ পৰা পোৱালিটো বিচ্ছিন্ন হৈছিল বুলি জানিব পৰা গৈছে । বনবিভাগে আবেলি উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ আহিছিল পোৱালিটো। শনিবাৰে পুৱাই কাতিমাৰী বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ত শুকুৰবাৰে জন্ম পোৱা হাতী পোৱালীটোৱে মৃত্যুক সাৱটিলে ।
আনহাতে, নগাঁও জিলাৰ বঢ়মপুৰৰ অন্তৰ্গত বালিজুৰিৰ গড়চুক বেবেজীয়া পথাৰত এটি বন্যহস্তী কৰুণভাৱে আঘাতপ্ৰাপ্ত হৈছে । উল্লেখ্য যে, যোৱা চাৰিদিন পূৰ্বে বলিজুৰিৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বন্যহস্তীটো । কিন্তু বন্যহস্তীটো আঘাতপ্ৰাপ্ত হোৱাত গড়চুকৰ এখন পথাৰত আহি চাৰিদিন যন্ত্ৰণাত ভুগি আছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় ৷
স্থানীয় বনবিভাগে হাতীটোৰ স্বাস্থ্যৰ ক্ষেত্ৰত যেনে ধৰণে ব্যৱস্থা গ্ৰহণৰ কৰিব লাগিছিল তাৰ উচিত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰাত হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । চাৰিদিন পাৰ হোৱাৰ পিছত অৰ্থাৎ শনিবাৰৰ দিনটোত স্থানীয় পহু চিকিৎসকৰ এটা দলে হাতীটোক বচাবলৈ পাৰ্যমানে চেষ্টা কৰে । স্থানীয় ৰাইজে জিলা বন বিষয়াক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত সময়মতে উপস্থিত নোহোৱাত জিলা বন বিষয়াৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ।
লগতে পঢ়ক:বিহালীৰ বুৰৈঘাটত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু