অসম

assam

বাঢ়নী পানীত পৰি মৃত্যু এজনৰ, নিখোজ আন এজন

ETV Bharat / videos

Flood in Nalbari: বাঢ়নী পানীত পৰি মৃত্যু এজনৰ, নিখোজ আন এজন - One died in flood

By

Published : Jun 23, 2023, 12:48 PM IST

নলবাৰী,২৩ জুন: ৰাজ্যৰ চৌদিশে বানৰ ফলত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ । নলবাৰীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে বলীয়া বানে । নলবাৰীৰ চান্দকুছিত বাঢ়নী পানীত উটি গৈ অকাল মৃত্যুক সাৱটিলে এজন লোকে । বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ পৰা বজাৰলৈ অহাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন । শুকুৰবাৰে পুৱাৰ ভাগ উদ্ধাৰ হয় নিখিলেশ মল্ল বৰুৱা নামৰ লোকজনৰ মৃতদেহ । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহৰ সমীপতে সংঘটিত হোৱা এই ঘটনাক লৈ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে ৷ 

ইফালে জিলাখনৰ ঘগ্ৰাপাৰাত বানে উটুৱাই নিলে আন এজনক । বৰ্তমানলৈ সন্ধান নাই বানত উটি যোৱা যুৱকজনৰ । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লাটিমাত এটি জানত বাঢ়নী পানীত মাছ মাৰি থাকোতেই ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলিং গাঁৱৰ হিৰণ‍্য মল্ল বৰুৱা নামৰ যুৱকজন নিখোজ হয় বুলি জানিব পৰা গৈছে । SDRF য়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই যুৱকজনৰ ।  

লগতে পঢ়ক:Majuli Nimatighat ferry service : বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, অনিৰ্দিষ্টকাললৈ বন্ধ ফেৰী সেৱা

ABOUT THE AUTHOR

...view details