অসম

assam

ৰঙিয়াৰ ২ বঙালীকুছিত পথ দুৰ্ঘটনা

ETV Bharat / videos

Road Accident in Rangia: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত পথ দুৰ্ঘটনা - পথ দুৰ্ঘটনা

By

Published : May 7, 2023, 12:46 PM IST

ৰঙিয়া, 7 মে’: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত সংঘটিত পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাইকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী পথচাৰী মহিলাৰ । পথৰ দাঁতিত দ্ৰুতবেগী বাইকে মহতিয়াই থৈ যায় মহিলাগৰাকীক । দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা বিলাসী বাইক এৰি পলায়ন বাইক আৰোহীৰ । দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS 01 EW 2641 (one died in road accident at Rangia) ৷  

জানিব পৰা মতে শনিবাৰে গুৱাহাটী দিশৰ পৰা নলবাৰী অভিমুখী বাইকখনত যুৱক এজনৰ সৈতে এগৰাকী যুৱতীয়ে যাত্ৰা কৰিছিল । বাইক আৰোহী যুৱকজনে দ্ৰুতগতিত বাইক চলোৱাৰ ফলতে পথৰ দাঁতিত সংঘটিত হয় এই দুৰ্ঘটনা  ‌। ফলত থিতাতে নিহত হয় পথচাৰী মহিলাগৰাকীৰ (Road accident at Rangia)। 

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে কিছু দূৰত বাইক এৰি ঘটনাস্থলীৰ পৰা যুৱক-যুৱতীহালে পলায়ন কৰা বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয় । লগতে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰি থানালৈ আনে । অৱশ্যে বাতৰি লিখাৰ সময়লৈকে মৃত মহিলা গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই (Road Accident in Rangia) ৷

লগতে পঢ়ক:Jailed for 15 Years: সুমথিৰা বাগিচা হত্যাকাণ্ডৰ 6 দোষীক 15 বছৰৰ কাৰাদণ্ড

ABOUT THE AUTHOR

...view details