অসম

assam

বন্যহস্তীৰ গচকত মহিলাৰ কৰুণ মৃত্যু

ETV Bharat / videos

Man Elephant Conflict: বন্যহস্তীৰ গচকত মহিলাৰ কৰুণ মৃত্যু - বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু

By

Published : May 20, 2023, 8:32 PM IST

গোৱালপাৰা, 20 মে’: গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ (Man Elephant Conflict)৷ পুনৰ শনিবাৰে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ নিহত মহিলাগৰাকীৰ নাম মিনতি ৰাভা (45) বুলি জানিব পৰা গৈছে (One died in elephant attack)৷  

উল্লেখ্য যে, আজি গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ অধীনস্থ ধনুভাঙাৰ বাখাৰাখুঁটিত দিন দুপৰতে বন্যহস্তী এটাই গচকি প্ৰাণ ল’লে মহিলাগৰাকীৰ (Elephant attack in Goalpara) ৷  মহিলাগৰাকী দুধনৈ দেউশিলা বজাৰত আমৰলি টোপ বিক্ৰী কৰি পোৱা টকাৰে বজাৰ কৰি আন কেইবাগৰাকী মহিলাৰ সৈতে ঘৰলৈ উভতি গৈ থকা অৱস্থাত পথতে অকলশৰীয়া এটা বনৰীয়া হাতীয়ে মহিলাগৰাকীকক সুৰেৰে মেৰিয়াই ধৰি আক্ৰমণ কৰে ৷ বন্যহস্তীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাগৰাকীৰ লগত থকা আন এগৰাকী মহিলাৰ ৷ মহিলাগৰাকীয়ে দৌৰি প্ৰাণ ৰক্ষা কৰি ওচৰৰ এখন গাঁৱত এখনলৈ পলাই যায় ৷ 

গাঁওখনৰ ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যুদেহটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ মৃত্যুদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত চলিত বৰ্ষত প্ৰায় 5 জনকৈ লোকৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে ৷

লগতে পঢ়ক:New born baby rescued: হাস্পতালৰ আৱৰ্জনাৰ সৈতে নৱজাতকক জীৱন্তে পানীত পেলালে কৰ্মচাৰীয়ে

ABOUT THE AUTHOR

...view details