অসম

assam

ভয়াবহ পথ দুর্ঘটনা

ETV Bharat / videos

Road Accident in Guwahati: মহানগৰীত দুৰ্ঘটনাত মৃত্যু হ’ল অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰৰ - One Died in a Road Accident

By

Published : Jun 17, 2023, 8:49 PM IST

গুৱাহাটী, 17 জুন:জন্মদিনৰ দিনাই মৃত্যুক আকোঁৱালি ললে অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰই ৷ মহানগৰীৰ ঘোৰামাৰাৰ হকী ষ্টেডিয়ামৰ সমীপত নিশা সংঘটিত হয় এক ভয়াবহ পথ দুর্ঘটনা ৷ ফর্চুনাৰ আৰু থাৰ বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুর্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷

নিহত হোৱা যুৱকজন অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰ ভাবার্থ স্বৰূপ বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে নিশা ভাবার্থই জন্ম দিনৰ পার্টী কৰি আহি থকা অৱস্থাত থাৰ বাহন আৰু ফৰছুনাৰ বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ দুর্ঘটনাটো ৷ ফর্চুনাৰৰ চালকৰ আসনত আছিল ভাবার্থ ৷  

দুৰ্ঘটনা সংঘটিত হোৱা ফৰ্চুনাৰ বাহন খনৰ নম্বৰ AS-26-B-8595 ৷ আনহাতে থাৰ বাহনখনৰ নম্বৰ AS-01-FL-0909 ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন থানালৈ লৈ আহে ৷ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে কৰে ৷

লগতে পঢ়ক:Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details