Road accident : ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
বিশ্বনাথ চাৰিআলি, 18 জুন : বিশ্বনাথ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন ৷ বিশ্বনাথৰ বৌ বজাৰৰ সমীপত এখন তীব্ৰবেগী বলেৰ' বাহনে প্ৰথমে এগৰাকী মটৰ চাইকেল আৰোহীক খুন্দা মাৰি তাৰপিচত আন এখন চাইকেলত খুন্দা মাৰে । পিছত তীব্ৰবেগী বলেৰ'খনে পথত ৰৈ থকা এখন চাৰিচকীয়া বাহনত খুন্দা মাৰি বাগৰি যায় ।
দুৰ্ঘটনাত নিহত হোৱা মটৰ চাইকেল আৰোহীগৰাকী নাৰায়ণ বাছকটা বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, মটৰ চাইকেল আৰোহীগৰাকীৰ লগতে কেইবাজনো লোক আহত হয় দুৰ্ঘটনাটোত ।
তীব্ৰবেগী বলেৰ' বাহনখনৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷ সুৰাসক্ত চালকজনক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক :Ganja seized at Basistha : লালগনেশৰ পানী টেংকী ক্ৰাইম ব্ৰাঞ্চৰ অভিযান, জব্দ ৭ কেজি গাঞ্জা