One person died in landslide: ডকমকাত অঘটন, খননৰ সময়তে ভূমিস্খলনত পতিত হৈ এজনৰ মৃত্যু - ভূমিস্খলনত পতিত হৈ এজনৰ মৃত্যু
ডিফু, 9 মাৰ্চ: ফাকুৱাৰ আনন্দৰ মাজতে কাৰ্বি পাহাৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে বিয়লি কাৰ্বি আংলং জিলাৰ ডকমকাত জেচিবিৰে মাটি খান্দি থকাৰ অৱস্থাতেই সংঘটিত হয় ভূমিস্খলনৰ ঘটনা ৷ ওপৰৰ পৰা পাহাৰৰ মাটি খহি আহি পৰেহি পাহাৰ খননত ব্যৱহৃত জেচিবিখনৰ ওপৰত ৷ ফলত সেই সময়ত জেচিবিখনত থকা চালকজনে ভুপতিত হৈ ঘটনাস্থলীতে কৰুণ মৃত্যক সাৱতিব লগা হয় (One person died in landslide) ৷
ঘটনাৰ বিৱৰণি অনুসৰি AS 09 AC 7471 নম্বৰৰ জেচিবিখনেৰে ডবকাৰ ইমদাজুল ৰহমান ওৰফে আহাদ আলী (১৯) নামৰ যুৱকজনে ডকমকাৰ ৰাচিনজা আক্লামত পাহাৰৰ মাটি খান্দি আছিল ৷ এনে সময়তে অকস্মাত পাহাৰৰ মাটি খহি পৰাত (Dokmoka landslide incident) চালক ইমদাজুল ৰহমান থিতাতে নিহত হয় (One died after falling into a landslide during excavation) ৷ ঘটনাৰ খবৰ লাভ কৰি ডকমকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ইমদাজুল ৰহমানৰ মৃতদেহটো উদ্ধাৰ কৰে ৷
লগতে পঢ়ক :Holi Bizarreness: হোলীৰ নামত একাংশ যুৱকৰ অতপালি, কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ