One detained with drugs:নীলামবজাৰ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক - নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান
কৰিমগঞ্জ, 2 আগষ্ট :পুনৰ সফলতা লাভ কৰিলে নীলামবজাৰ আৰক্ষীয়ে ৷ নীলামবজাৰৰ পুৰণিগ্ৰামত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অ’চি দীপজ্যোতি মালাকাৰৰ সফল অভিযান ৷ আৰক্ষীয়ে ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে ৷
নীলামবজাৰৰ পৰা ড্ৰাগছৰ নাম সমূলি নাইকিয়া কৰাৰ বাবে বাবে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ কোনো অবৈধ ড্ৰাগছ ব্যৱসায়ীকে ৰেহাই দিয়া নহ’ব বুলি এছ পি সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদাত্ত ভাষণ দিছিল । তাৰ পিচতেই সমাজখন প্ৰদূষিত কৰা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সকলো জিলাতে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ সামান্য পৰিমাণৰ ড্ৰাগছ বিচাৰি পালেও আৰক্ষীয়ে কাকো ৰেহাই দিয়া নাই ।
নীলামবজাৰ আৰক্ষীয়ে বুধবাৰৰ সন্ধিয়া ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় । নীলামবজাৰ থানা এলেকাৰ পুৰণিগ্ৰামত সাধাৰণ ৰাইজ বেশ ধৰি অ’চি দীপজ্যোতি মালাকাৰে অভিযান চলাই মণ্টুক লক্ষাধিক টকাৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে বৰ্তমানে ধৃত সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে । অভিযুক্তক উৎস হিচাপে ব্যৱহাৰ কৰি অ’চি দীপজ্যোতি মালাকাৰে ড্ৰাগছৰ সৈতে জড়িত অপৰাধীৰ তথ্য সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।