অসম

assam

ডাম্পাৰে মহতিয়াই নিলে যুৱকক

By

Published : Jun 11, 2023, 9:30 PM IST

ETV Bharat / videos

Road accident: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰে মহতিয়ালে যুৱকক

ৰৌতা,১১ জুন:দলগাঁৱৰ বটাবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডাম্পাৰৰ খুন্দাত প্ৰাণ গল এজন যুৱকৰ ৷ চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত ৰৌতা দিশৰ পৰা আহি থকা তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে যুৱকজনক । ফলত থিতাতে নিহত হয় যুৱকজন ।  

নিহত যুৱকজন বটাবাৰীৰ আলাউদ্দিন বুলি জানিব পৰা গৈছে । যুৱকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ আঞ্চলজুৰি । তীব্ৰবেগী ডাম্পাৰৰ ফলত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । ডাম্পাৰৰ অতপালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এজনৰ পিছত আন এজনলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ বিভিন্ন দল-সংগঠন তথা সচেতন লোকে বাৰম্বাৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ফলস্বৰূপে সঘনাই ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে পথচাৰীসকলে । কিহৰ স্বাৰ্থত প্ৰশাসনে ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰা নাই এয়া এই মূহুৰ্তৰ এক নুবুজা সাঁথৰ । 

লগতে পঢ়ক:Preparation for flood: ৰাজপথত গাঁত থাকিব নোৱাৰিব; জিলা আয়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details