Minor Girl Molestation : 10 বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন 60 বছৰীয়া ব্যক্তিৰ
Published : Sep 25, 2023, 8:31 PM IST
চিৰাং, 25 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নয়টামাৰা গাঁৱত জঘন্য ঘটনা সংঘটিত হৈছে ৷ নাতিসম কিশোৰীক যৌন নিৰ্যাতন 60 বছৰীয়া বৃদ্ধৰ ৷ জিতেন বৰ্মন নামৰ ব্যক্তিজনে 10 বছৰীয়া নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে । সম্প্ৰতি ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত বিদ্যাপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযুক্ত জিতেন বৰ্মনক বাসগৃহৰ পৰা আটক কৰে ।
অভিযোগ অনুসৰি অভিযুক্ত ব্যক্তিজনে 15 দিনৰ পূৰ্বে 4/5 বাৰকৈ নাবালিকাগৰাকীক নিজ ঘৰলৈ ফুচুলাই লৈ গৈ যৌন নিৰ্যাতন চলাইছিল। এই কু-কীৰ্তি সংঘটিত কৰাৰ পিচত অভিযুক্ত ব্যক্তিজনে নাবালিকাগৰাকীক ভয় ভাবুকি প্ৰদান কৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল। নাবালিকাগৰাকী বিদ্যালয়লৈ যোৱাৰ পিচত প্ৰত্যক্ষদৰ্শী একাংশ সহপাঠীয়ে তাইক জোকোৱাৰ পিচত কান্দি কান্দি ঘৰলৈ আহি মাতৃক সমগ্ৰ কথা জনাই ৷ এই ঘটনাক কেন্দ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
সভ্য সমাজক লজ্জানত কৰি এগৰাকী দহ বছৰীয়া ছাত্ৰীৰ সৈতে কু-কৰ্ম সংঘটিত কৰা জিতেন বৰ্মনক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ।
লগতে পঢ়ক:Fake currency making Machine seized: নগাঁৱত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন; ড্ৰাগছসৰবৰাহকাৰীও আটক